Show/Hide Keyboard Layout

অ’ বিদেশী বন্ধু

- ভূপেন হাজৰিকা

অ’ বিদেশী বন্ধু, দুৰ্ভগীয়া

আজি কিয়নো বন্ধু, অকলশৰীয়া

প্ৰতিধ্বনি শুনো কান্দোনৰ ।

 

প্ৰেমৰ সাগৰে জাহাজ মেলিলি

নাপালি কোনো বন্দৰ,

সৰু চাকনৈয়াতে বন্দী হ’লি

হেৰুৱালি তোৰ লঙ্গৰ ।

 

চিৰ সেউজতে চামেলি দেখিলি

অতি মনোমুগ্ধকৰ,

লিৰিকি বিদাৰি সুগন্ধি লওঁতেই

চামেলি হ’লগৈ পৰ ।

 

অ' বিদেশী বন্ধু ...

Hits: 1006